ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰাস মহোৎসৱৰ উখল-মাখল পৰিবেশ ৷ ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে পাৰভগা আনন্দ-উছাহ ৷ ব্যতিক্ৰম নহয় মধ্য অসমৰ নগাঁও জিলাও ৷ জিলাখনৰ গাঁৱে-ভূঞে আজিও বিয়পি আছে ৰাস মহোৎসৱৰ উৎসাহ-উদ্দীপনা ৷ প্ৰান্তে প্ৰান্তে উদযাপিত কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷ ইয়াৰ অংশহিচাপে বৃহস্পতিবাৰে নিশা বেছ উলহ-মালহেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাৰ দক্ষিণ দিশত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীকুজি সত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ‘কেলিগোপাল’ নাটখনি প্ৰদৰ্শন কৰা হয় ৷
নগাঁৱৰ পৰা জয়ন্ত মুদৈ